শিশুৰ মায়’পিয়া

ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

শিশুৰ মায়’পিয়া

ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

মায়’পিয়া ৰোগীৰ বিষয়ে জানেনে? মায়’পিয়া বা নিকট বা সুক্ষ্মদৃষ্টিসম্পন্ন ৰোগীসকলে ওচৰৰ বস্তুবোৰ দেখে যদিও দূৰৰ বস্তুবোৰ ভালদৰে দেখা নাপায়৷

আচলতে এনে ৰোগীৰ ক্ষেত্ৰত দূৰৰপৰা সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিবোৰ চকুৰ সন্মুখভাগত প্ৰতিসৰিত হোৱাৰ পিছত চকুৰ পৰ্দা বা ৰেটিনাৰ পৰিৱৰ্তে ৰেটিনাৰ সন্মুখত আপাতিত হয়৷ গতিকে ওচৰৰ কামবোৰ যেনে কিতাপৰ লিখা পঢ়া আদিবোৰ সঠিককৈ কৰিব পাৰিলেও দূৰৰ কামৰ বাবে চছমাৰ প্ৰয়োজন হয়৷ চকুৰ লেন্স বা কৰ্ণিয়াৰ অধিক বক্ৰতা বা অক্ষিগোলকৰ (Eye ball) দীঘল অৱস্থা বা সাধাৰণতকৈ ডাঙৰ অক্ষিগোলক ইয়াৰ বাবে দায়ী৷ বাৰু, বিশেষ বহলোৱাৰ আগতে দুটা উদাহৰণ দি লওঁ৷

সাত বছৰমান আগৰ কথা৷ মোৰ তেতিয়া ষষ্ঠমানত পঢ়ি থকা ভাগিনী এজনীয়ে মোক আহি ক’লেহি,


“পাৰ্থ মহা, জানানে, মোক মায়ে চছমা পিন্ধিব নিদিয়ে৷ বিশেষকৈ বিয়া চিয়াত গ’লে৷ চছমা পিন্ধিলে বেয়া দেখে বোলে, ইপিনে চছমা নিপিন্ধাকৈ মই কইনাবোৰৰ মুখকেইখনেই ভালকৈ দেখা নাপাওঁ৷”


তাইৰ দুখ প্ৰকাশৰ সুৰ দেখি মোৰ হাঁহি উঠি গৈছিল৷ কিন্তু তাৰ কাৰণটোৰ কথা ভাবি বেয়া লাগিছিল৷ আমাৰ বহু জনা শুনা মানুহ কিছুমানৰো এই ক্ষেত্ৰত সজাগতাৰ একেবাৰেই অভাৱ৷


মোৰ লগৰ এজনে কেইমাহমানৰ আগৰ কথা এটা উল্লেখ কৰিছিল৷ অষ্টমমানত পঢ়ি থকা ল’ৰা এটা তেওঁৰ ওচৰলৈ আনিছিল৷ চকুৰে ভালদৰে দেখা নাপায়৷ লগতে মূৰৰ আৰু চকুৰ বিষ, চকুৰপৰা পানী ওলোৱা ইত্যাদি সমস্যা৷ পৰীক্ষাখিনি কৰাৰ পিছত বিশেষ অসুবিধা থকা যেন নালাগিল৷ চকুৰ অভ্যন্তৰ পৰীক্ষা কৰাৰ অন্তত তেওঁ মাকক ক’লে,


“অহা শনিবাৰে লৈ আনক তাক মোৰ ওচৰলৈ৷”


তেওঁৰ কথা শেষ কৰিবলৈ নাপাওঁতেই মাকে উৎকণ্ঠাৰে সুধিলে,


“চছমা দিব লাগিব নেকি ছাৰ?”


“বোধকৰোঁ লাগিব৷ মই ভবাত তাৰ বেলেগ অসুবিধা নাই ৷ চছমা দিলেই সি ভালদৰে দেখা পোৱা হৈ যাব৷”


চিকিৎসকৰ কথা শুনি মাকগৰাকীয়ে একপ্ৰকাৰ কান্দিয়েই পেলালে৷


“ছাৰ প্লিজ, মই শনিবাৰে বাৰু লৈ আনিম তাক, কিন্তু কিবা ঔষধ দি ভাল কৰিবলৈ যত্ন কৰক৷ চছমা দিব নালাগে৷”


মানুহগৰাকীক বুজাই পঠালে যে ল’ৰাটোক বেলেগ একো ঔষধৰ দৰকাৰ নাই বা বেলেগ কোনো ঔষধে তাৰ দৃষ্টিশক্তি ঘূৰাই আনিব নোৱাৰে, তাৰ একমাত্ৰ ঔষধ হৈছে চছমা৷ মানুহগৰাকী পতিয়ন যোৱা যেন নালাগিল যদিও পিছৰ নিৰ্দিষ্ট দিনত আহি ল’ৰাটোক দেখুৱালেহি আৰু তাৰ এমাহমানৰ পিছত ফোন কৰি জনালে যে চছমাযোৰ একেৰাহে পিন্ধাৰ অভ্যাস কৰাৰ পিছত ল’ৰাটোৱে ভালদৰে দেখা পোৱাৰ লগতে তাৰ আনুসঙ্গিক অসুবিধাবোৰ নাইকিয়া হৈ পঢ়া শুনাৰ প্ৰতি ৰাপো বাঢ়িবলৈ ধৰিছে৷ উৎফুল্লিত হৈ প্ৰকাশ কৰা মহিলাগৰাকীৰ কৃতজ্ঞতাবোধে মোৰ লগৰজনৰ মন ভৰাই তুলিছিল৷ ল’ৰাটোৰ কথা ভাবি তেওঁৰ মনটো ভাল লাগি গৈছিল৷ কিন্তু সকলো মাক দেউতাকেই কথাবোৰ একেদৰে নাভাবে বা ভাবিবলৈ নোৱাৰে বা নাজানে ৷


মায়’পিয়াৰ কাৰণবোৰ বাৰু কি কি? ইয়াৰ কোনো সঠিক বিজ্ঞানসন্মত কাৰণ এতিয়ালৈকে চিকিৎসকসকলে উলিয়াবপৰা নাই৷ তথাপি যিহেতু যমজ সন্তান বা তেজৰ সম্পৰ্ক থকা ব্যক্তিসকলৰ মাজত সাধাৰণতে মায়’পিয়া সমূহীয়াকৈ দেখা যায়, সেয়ে ইয়াৰ এক বংশগত কাৰক থাকিব পাৰে বুলি ভবা হৈছে৷ উল্লেখনীয় যে উন্নত দেশসমূহত ইয়াৰ প্ৰসাৰ বেছি বাবে পৰিবেশৰো এক প্ৰভাৱ থকাৰ কথাটো নুই কৰিব নোৱাৰি৷ বৰ্তমানৰ তীব্ৰ প্ৰতিযোগিতামূলক পৰিৱেশত বেছিখিনি সময় কৃত্ৰিম পোহৰত বন্ধ কোঠাৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া পৰিৱেশৰ উদ্ভৱ হৈছে, ল’ৰা ছোৱালীবোৰৰ বাহিৰত খেলা-ধূলা কমিছে, ভিডিঅ’ গেম, টিভি আদিৰ উপদ্ৰৱ বাঢ়িছে৷ বৃত্তিগত বা ব্যক্তিগতভাৱে কম্পিউটাৰ আদিৰ ব্যৱহাৰ আমি বঢ়াই তুলিবলৈ বাধ্য হৈছোঁ৷ অৰ্থাৎ চাবলৈ গ’লে বেছিখিনি সময়েই আমি ওচৰৰ বস্তুবোৰ চায়েই অতিবাহিত কৰিছোঁ৷ গতিকে দূৰৰ বস্তু দেখি চকুৱে পোৱা উদ্দীপনাও (Stimulus) কম হৈ পৰিছে যিটো আন এক কাৰক হ’ব পাৰে বুলিও ভবা হৈছে৷ মন কৰিব যে এই সকলোবোৰ দিশ বিভিন্ন পৰ্য্যালোচনাত অনুধাৱন কৰা সিদ্ধান্ত কিছুমানহে৷ এইবোৰৰ কোনো শক্তিশালী প্ৰমাণ পোৱা হোৱা নাই৷ তথাপিও বেছিখিনি অধ্যয়নতে এইটো দেখা গৈছে যে দিনৰ পোহৰত বাহিৰত খেল ধেমালি কৰি সময় কটোৱাৰ সুবিধা পোৱা শিশুৰ মাজত মায়’পিয়াৰ হাৰ কম যাৰ লগত চকুৱে দুৰৰ বস্তুৰপৰা পোৱা উদ্দীপনাৰ সম্পৰ্ক আছে৷ প্ৰত্যেক দিনাই এঘণ্টা বেছিকৈ বাহিৰত কটোৱা শিশু একোটিৰ মায়’পিয়া হোৱাৰ আশংকা প্ৰায় ১৮% কমি যায় বুলি কোৱা হৈছে৷


কোন বয়সত মায়’পিয়া হ’ব পাৰে? যিকোনো বয়সত৷ জন্মৰেপৰা আৰম্ভ কৰি যিকোনো বয়সত৷ এই লিখনিটোত শিশুসকলৰ ওপৰত বেছি গুৰুত্ব দিবলৈ প্ৰয়াস কৰা হৈছে৷


আগতেই উল্লেখ কৰিছোঁ, মায়'পিক ৰোগীয়ে ওচৰৰ কামকাজবোৰ সাধাৰণতে ঠিকমতেই কৰিব পাৰে৷ প্ৰশ্ন হ’ল কিমান ওচৰৰ? সেইটো নিৰ্ভৰ কৰে ৰোগীগৰাকীৰ মায়’পিয়াৰ মাত্ৰাৰ ওপৰত৷ ঋণাত্মক ৬ (-6) বা তাতোকৈ বেছি ঋণাত্মক ডায়প্টাৰৰ নিকটদৃষ্টিক উচ্চ মাত্ৰাৰ মায়’পিয়া বুলি কোৱা হয়৷ মায়’পিয়া যিমানে বাঢ়ে, ওচৰত ভালদৰে দেখা পোৱা বস্তুৰ দূৰত্ব চকুৰপৰা সিমানেই কমি আহে৷ অৰ্থাৎ বেছি মায়’পিক ৰোগী এগৰাকীয়ে ভালদৰে দেখিবলৈ বস্তু এটা চকুৰ বেছি ওচৰলৈ আনিবলগা হয়৷ তাৰোপৰি দুয়োটা চকুৰ 'পাৱাৰৰ' পাৰ্থক্য থাকিব পাৰে৷ গতিকেই মায়’পিক ৰোগীৰ ক্ষেত্ৰত চছমা বা লেন্স অনবৰতে আনকি পঢ়া শুনা কৰাৰ সময়তো পিন্ধিবলৈ কোৱাটো বাঞ্চনীয়৷ মোৰ ক্ষেত্ৰতেই চাওক, মই নিজেই এগৰাকী মায়’পিক ৰোগী, চশমাযোৰ খুলি ম’বাইলটোত মেছেজ এটা পঢ়িবলৈ চকুৰপৰা ১৫ চেণ্টিমিটাৰমান ওচৰলৈ আনিলেহে মই ঠিকমতে দেখা পাওঁ৷ তাতকৈ দূৰ হৈ গ’লেই সকলোবোৰ মোৰ চকুৰ সন্মুখত অপৰিষ্কাৰ হৈ ধৰা দিয়ে৷


বেছিখিনি অভিভাৱকৰ মনত উদয় হোৱা এটা প্ৰশ্ন হ’ল কিমানদিন চছমা পিন্ধাৰ পিছত চকুৰ দৃষ্টিশক্তি ঘূৰি আহিব? উত্তৰ হ’ল প্ৰায়খিনি এনে ৰোগীয়েই গোটেই জীৱনেই উপযুক্ত ক্ষমতাৰ অবতল লেন্সযুক্ত চছমা বা কনটেক্ট লেন্সৰ সহায় ল’ব লগা হয়৷ চছমা বা লেন্স এৰিবলৈ 'ৰিফ্ৰেকটিভ চাৰ্জাৰী' (যেনে লাসিক লেজাৰ) বা অপাৰেচনৰ জৰিয়তে চকুৰ ভিতৰত স্থাপন কৰিব পৰা বিশেষভাৱে প্ৰস্তুত কৰা লেন্সৰ সহায় ল’বলগা হয়৷ এই অপাৰেচনকেইটাৰ বিষয়ে আলোচনা কৰাটো এই লিখনিৰ পৰিসৰত সম্ভৱপৰ নহ’ব৷ কোনোধৰণৰ ঔষধ বা চকুৰ বিশেষ ব্যায়ামে মায়’পিয়াত সহায় কৰাৰ বৈজ্ঞানিক প্ৰমাণ পোৱা হোৱা নাই৷ উন্নত পুষ্টিকৰ খাদ্যাভাস সমগ্ৰ দেহৰ লগতে চকুৰ কাৰণেও নিঃন্দেহে উপযোগী, কিন্তু আমাৰ জনমানসত সাধাৰণতেই প্ৰচলিত এক বিশ্বাস যেনে সৰু সৰু পুঠিমাছ বা গাজৰজাতীয় আহাৰ খোৱাই মায়’পিয়া ভাল কৰিব নোৱাৰি৷


বহুতৰে মনলৈ প্ৰশ্ন আহে, মায়’পিক শিশু এটিৰ পঢ়াশুনাত কিবা ব্যাঘাত জন্মিব পাৰে নেকি? চিন্তা নকৰিব, উপযুক্তভাৱে চিকিৎসা কৰালে এনে শিশুৱে বেলেগবোৰ শিশুৰদৰেই একেদৰেই পঢ়াশুনাত আগবাঢ়ি যাব৷ বৰঞ্চ কোনো কোনো অধ্যয়নত দেখা গৈছে যে এনে শিশুৰ শিক্ষাগত বুদ্ধিদীপ্ততা আনবোৰ শিশুতকৈ বেছিহে৷

আন এটি প্ৰশ্ন উদয় হোৱাটোও একেবাৰেই স্বাভাৱিক৷ প্ৰায়সংখ্যক ৰোগীৰ ক্ষেত্ৰতেই দেখা যায় যে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত চকু চিকিৎসকে চকু পৰীক্ষাৰ অন্তত চছমাৰ পাৱাৰ বঢ়াই দিব লগা হয় ৷ অৰ্থাৎ আগতকৈ চছমাৰ পাৱাৰ আৰু অলপ বঢ়ালেহে বস্তুবোৰ ভালদৰে দেখা পোৱা যায়। এই কামটো কিমান বয়সলৈকে চলিব? অপোনাৰ বা আপোনাৰ শিশুটিৰ যদি 'সৰল' মায়’পিয়া আছে, তেন্তে ২৫ বছৰমান বয়সৰ পিছত সাধাৰণতে চছমাৰ পাৱাৰ সুস্থিৰ হৈ পৰে৷ কিন্তু যদি 'পেথ’লজিকেল' মায়’পিয়া, অৰ্থাৎ চকুৰ ভিতৰত বা চকুৰ লগত সম্পৰ্ক থকা আনুসঙ্গিক আৰু কিবা বেলেগ সমস্যাও আছে, তেন্তে সেই সম্ভাৱনা কম৷ তেনে ৰোগীৰ ক্ষেত্ৰত আৰু উন্নত পৰীক্ষা নিৰীক্ষাৰ লগতে কিবা বেলেগ চিকিৎসাৰো প্ৰয়োজন হ’ব পাৰে৷ গতিকেই অৱহেলা নকৰিব৷

আপোনাৰ শিশুটিয়ে দূৰদৰ্শনৰ পৰ্দাৰ একেবাৰে ওচৰলৈ গৈ টিভি চোৱাৰ অভ্যাস কৰিছে নেকি? ভুল নুবুজিব৷ তেনেদৰে ওচৰৰপৰা টিভি চোৱাৰ অভ্যাসৰ ফলত তাৰ মায়’পিয়া হোৱা নাই, বৰঞ্চ মায়’পিয়া থকাৰ বাবে সি বা তাই আতঁৰৰপৰা টিভিৰ স্ক্ৰীণখন ভালদৰে দেখা পোৱা নাই আৰু ভালদৰে দেখা পাবৰ বাবেহে টিভিৰ তেনেই ওচৰলৈ গৈ বহি লোৱাৰ অভ্যাস কৰিছে৷ দূৰলৈ চাওতে কণমানিটোৱে চকুকেইটা সৰু কৰি ল’বলগাত পৰিছে? এবাৰ এজন চকুৰোগ বিশেষজ্ঞৰ ওচৰলৈ কণমানিটোক নিশ্চয়কৈ লৈ যাবলৈ নাপাহৰিব৷

ৰোগী এগৰাকীয়ে চকু পৰীক্ষাৰ বাবে অহাৰ পিছত ঠিকমতে দেখা পোৱা নোপোৱাটো নিৰ্ণয় কৰিবৰ বাবে চিকিৎসকসকলে বেৰত লগাই ৰখা ব’ৰ্ড এখনত লিখা থকা আখৰবোৰ পঢ়িবলৈ দিয়ে৷ নিৰক্ষৰ বা বয়সত সৰু ৰোগীৰ বাবে বেলেগ ব্যৱস্থা আছে৷ ধৰক কোনো এটি শিশুৱে ওপৰৰপৰা তিনিশাৰীমান মতাৰ পিছত ভালদৰে নেদেখাৰ ফলশ্ৰুতিত তলৰ শাৰীকেইটা পঢ়িব পৰা নাই, অৰ্থাৎ দেখা পোৱা নাই, শিশুটিৰ লগত অহা অভিভাৱকসকলৰ প্ৰতিক্ৰিয়া কেনে হয় জানেনে? কোনোবাজনে মুখেৰে একো নকয়, মনে প্ৰাণে নেদেখাজনক ধ্যান কৰে যাতে শিশুটিয়ে পঢ়িবলৈ সমৰ্থ হয়৷ কোনোবাজনে পৰীক্ষাত নকল কৰাৰ দৰেই চিকিৎসকৰ সন্মুখতেই শিশুটিক লিখা থকা বৰ্ণবোৰ কৈ দিয়া আৰম্ভ কৰে৷ কোনোবাজনে চিকিৎসকজনেনো কি কৰিছে সেয়া পৰ্য্যবেক্ষণ কৰে৷ কোনোবাজন চিন্তিত হৈ পৰে৷ আৰু কোনোবাজনে আকৌ শিশুটিক গেঙেৰি মাৰি ধৰে,


“হেৰৌ, মই পূৰা চাফ চাফ দেখি আছোঁ কি লিখা আছে, তই কিয় দেখা নাই? তই নাই দেখা বুলি ক’লেই হ’লনে?”

শিশুটিক ভয় নোখোৱাব৷ আপোনাৰ দৰেই সিয়ো যদি ভালদৰেই দেখিলেহেতেন, তেতিয়া সিও ওপৰৰ ডাঙৰ অাখৰৰ শাৰীকেইটাৰ লেখীয়াকৈ তলৰ সৰু শাৰীকেইটাও সলসলীয়াকৈ মাতি দিলেহেঁতেন৷ আৰু আপোনাৰ এনে অবন্ধুত্বসুলভ ব্যৱহাৰৰ ফলস্বৰূপেই সি হয়তোবা তাৰ অসুবিধাৰ কথা ইমানদিনে আপোনাক জনোৱা নাছিল৷

শ্ৰেণীকোঠাৰ শেষৰ শাৰীত বহিলে আপোনাৰ কণমানিটোৱে ওচৰৰজনৰ টোকাবহীৰপৰা লিখিব লগা হয়? তেন্তে তাক গালি পৰাৰ সলনি সোধক, তেনে সময়ত সি ব্লেক ব’ৰ্ডত লিখাবোৰ ভালদৰে দেখা পায়নে নাপায়? সন্তানৰ লগত বন্ধুসুলভ আচৰণে বেলেগ ক্ষেত্ৰত উপকৃত কৰা়ৰ উপৰিও এনেধৰণৰ সহজেই অনুধাৱন কৰিব পৰা ৰোগ কিছুমান নিৰ্ণয় কৰাতো এনে আচৰণ দস্তুৰমত সহায়ক হয়৷

চকুক প্ৰয়োজন হোৱা চাক্ষিক উদ্দীপনাৰ বিষয়ে ইতিমধ্যেই উত্থাপন কৰিছোঁ৷ এই লিখনিত এতিয়ালৈকে উল্লেখ কৰা কথাখিনি পঢ়ি আপুনি হয়তো অনুধাৱন কৰিছেই যে কিমান সহজতে এই ৰোগবিধ চিনাক্ত কৰিব পাৰি৷ শুভস্য শীঘ্ৰম৷ চিনাক্ত কৰিব পাৰিলেই বা কিবা কাৰণে সন্দেহ জাগিলে অনতিপলমে চিকিৎসকক দেখুৱাই বিহিত ব্যৱস্থা লওক৷ ব্যক্তিগতভাৱে মই নিজেই এনে বহু ৰোগী পাইছোঁ, যাৰ চকুৰ বা আনুসংগিক শাৰীৰিক বেলেগ একো বেমাৰ আজাৰ বা অসুবিধাই নাই, তৎস্বত্বেও যৎপৰোনাষ্টি চেষ্টা কৰি সম্ভৱপৰ সৰ্বাধিক পাৱাৰযুক্ত লেন্স দিয়াৰ পিছতো তেওঁলোকে শেষৰ সৰু আখৰৰ কেইটামান শাৰী পঢ়িবলৈ সমৰ্থ নহয়৷ অৰ্থাৎ তেওঁলোকৰ চিকিৎসাপ্ৰক্ৰিয়া আৰম্ভ কৰাত দেৰি হ’ল ৷ চিকিৎসাভাষাত তাক 'এমব্লায়’পিয়া' (Stimulus deprivation Amblyopia) বুলি কোৱা হয়৷ চকুৰে ভালদৰে দেখা নোপোৱাৰ বাবে বা চছমা সঠিকৰূপত ব্যৱহাৰ নকৰাৰ ফলত চাক্ষুস উদ্দীপনাৰ অভাৱত চকুকেইটাই সেই শাৰীকেইটাৰ আকাৰৰ বস্তু সিমানখিনি দূৰত্বৰপৰা দেখিবলৈ বন্ধ কৰি পেলালে, যাৰ চিকিৎসা সাধাৰণতেই সম্ভৱপৰ নহয়৷


স্কুলৰ শিক্ষকজনে সন্দেহ প্ৰকাশ কৰিছে, শিশুটিয়ে ভালদৰে দূৰৰ বস্তু বোধহয় দেখা নাপায়, দেৰি কৰি নাথাকিব, আপোনাৰ অত্যন্ত প্ৰয়োজনীয় কামটোতকৈও আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ খেয়াল ৰখাটো আপোনাৰ বাবে বেছি প্ৰয়োজনীয়৷ কথাষাৰ উগ্ৰ যেন লাগিলেও ক’বলৈ বাধ্য হৈছোঁ এই কাৰণেই যে এনে বহুতো অভিভাৱক লগ পাইছোঁ যি আনকি স্কুলৰ শিক্ষকে বা সন্তানে নিজেই বাৰেপতি কৈ থকাৰ কেইবামাহ বা বছৰ পিছতহে চিকিৎসক একোজনৰ ওচৰলৈ সন্তানটিক লৈ আনিবলৈ সময় উলিয়াবলৈ সক্ষম হৈছে৷ এনেদৰে অনা কেইবাজনো শিশুৰ ইতিমধ্যেই এমব্লায়’পিয়া ফৰ্ম হৈছে৷ আৰু দেৰিকৈ অনাৰ কাৰণ? কাৰণবোৰ এনে ধৰণৰ,


“কাম ঠিকেই চলি আছে, হ’ব আৰু!” বা,


“সকলো ঠিকেই আছে দেখোন! এই বয়সতেনো কিহৰ চকুৰ প্ৰব্লেম হয় অ’? আমাৰেই আজিলৈকে চকুৰ সমস্যা নাই৷” বা,


“ই ল’ৰাটো বৰ অন্যমনস্ক৷ লগৰটোৱে ব’ৰ্ডত লিখাটো নিজে লিখিব পাৰে, ই আকৌ লগৰটোৰপৰা চাবলগা হয়৷” বা,


“চশমা পিন্ধিলে তাইক লগৰবোৰে চাৰি বেটেৰী বুলি জোকাব৷”


কাৰণ যিয়েই নহওক, বহুকেইজন অভিভাৱকে পিছত নিজকে এইবুলি দোষাৰূপ কৰিবলগাত পৰিছে,


“মোৰেই ভুল, ছোৱালীজনীয়ে মোক কৈয়েই আছিল কেতিয়াবাৰেইপৰা৷ মোৰহে তাইক আনোতে দেৰি হৈ গ’ল৷”


গতিকেই দেৰি নকৰিব৷ আপোনাৰ শিশুটিক যদি সঁচাকৈয়ে চছমা লাগে, তেন্তে চছমা পিন্ধিলে তাৰ বা তাইৰ লাভেই হ’ব, হানি একো নাই৷


লিখনিৰ আৰম্ভণিতে মোৰ ভাগিনী এজনীৰ কথা উল্লেখ কৰিছিলোঁ৷ তাইৰ মাকে মোৰ কথাখিনি ভালদৰে হৃদয়ঙ্গম কৰিলে৷ চকু ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি তায়ো আজিলৈকে সঠিকভাৱেই চছমা ব্যৱহাৰ কৰি আছে আৰু যোৱাবছৰ তাই পাৰদৰ্শিতা প্ৰদৰ্শন কৰিয়েই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ তাই আৰু অলপ ডাঙৰ হওক, তাই বিচাৰিলে কণ্টেক্ট লেন্সো ল’ব পাৰিব পিছলৈ৷ সকলো ঠিকে ঠাকে থাকিলে পৰ্য্যায়ক্ৰমে তাই লাসিক বা তেনেধৰণৰ অপাৰেচনৰ কথাও ভাবিব পাৰিব৷


মই নিজেই এগৰাকী মায়’পিয়াৰ ৰোগী৷ গতিকে সৰ্বশেষত মোক বিভিন্ন সময়ত বিভিন্ন ৰোগীয়ে সোধা প্ৰশ্নৰে লিখনিটো সামৰিব বিচাৰিছোঁ৷ আপোনালোকৰ কিছুসংখ্যকৰ কিছুমান খুদুৱনি আঁতৰাব এই প্ৰশ্নোত্তৰে বোধকৰোঁ৷


“আপুনি নিজে এজন চিকিৎসক, আপুনিও চছমা পিন্ধিব লগা হয় যে?”


মই হাঁহি মাৰি উত্তৰ দিওঁ,


“চিকিৎসক মই পিছতহে হৈছোঁ৷ ষষ্ঠমানত পঢ়াৰেপৰা মই মায়’পিয়া ৰোগী৷”

.

“তেতিয়াৰপৰা একেৰাহে পিন্ধিয়েই আছে?”


“নাই, মাজতে দুবাৰ এৰিছিলোঁ পিন্ধিবলৈ৷ এবাৰ সপ্তমমানৰ শেষৰফালে, এবাৰ নৱমমানত৷”


“আপুনি দেখোন আমাৰ ছোৱালীজনীক অনবৰতে পিন্ধি থকাৰ কথা কৈছে? আপুনি নিজেই দেখোন মাজে মাজে পিন্ধিবলৈ এৰিছিল?”


“মই ভুল কৰিছিলোঁ, আৰাম পোৱাৰ লগে লগেই ভাৱ হৈছিল মোৰ চকু ভাল হৈ গ’ল, মোৰ চকুৰ পাৱাৰ ঘূৰি আহিল৷ সেই একেটা ভুলেই যাতে তায়ো নকৰে, সেয়ে কৈছোঁ৷ ভাগ্য ভাল যে ভুল কৰাৰ পিছতো মোৰ চকুৰ বেলেগ একো অসুবিধা নহ’ল৷ কিন্তু সকলোৰে ভাগ্য ইমান ভাল নহ’বও পাৰে এই ক্ষেত্ৰত৷”


“চছমা এৰাৰ পিছত আকৌ কি কাৰণে পিন্ধিবলৈ আৰম্ভ কৰিছিল?”


“আৰাম পোৱা চকু আৰু মুৰৰ বিষৰ লগতে বিভিন্ন সমস্যাবোৰে আকৌ দেখা দিছিল৷ চিকিৎসকে পৰীক্ষা কৰি আকৌ চছমা দিছিল ৷ চছমা পিন্ধাৰ কিছুদিন পিছতে আকৌ আৰাম পাইছিলোঁ৷”


“গৰমত ঘামি জামি জুৰুলি জুপুৰি হৈ চছমা পিন্ধি কাম কৰিবলৈ অসুবিধা নালাগেনে?”


“লাগে, কিন্তু উপায় নাই৷ তাৰোপৰি অভ্যস্ত হৈ পৰিছোঁ পিন্ধি পিন্ধি৷ আটাইতকৈ দৰকাৰী কথা এই যে নিজৰ ভালৰ কাৰণে এই অলপমান অসুবিধা একেবাৰেই নগণ্য৷”


“কোন কোন সময়ত পিন্ধে আপুনি চছমাযোৰ?”


“সাৰে থকা গোটেই সময়খিনি, মুখ বা গা ধোৱা সময়কণ বাদ দি৷”


“ব’ৰ হৈ নাযায়?”


“ব’ৰ হোৱাৰ কথাই নাহে৷ চছমাযোৰ মোৰ কাৰণে ঔষধস্বৰূপ৷”


“চশমাযোৰ পিন্ধি থাকিলে চকুৰ পাৱাৰ পুনৰ ঘূৰি আহিবনে?”


“সাধাৰণতেই নাহে৷ চছমাযোৰে চকুকেইটাক দেখা পোৱাত সহায় কৰে, পাৱাৰ ঘূৰাই নানে৷”


“তেনেহ’লে কি লাভ হ’ল?”


“আপুনি অসুবিধাখিনিৰপৰা সকাহ পালে, সুন্দৰ পৃথিৱীখন ভালদৰে চোৱাৰ সুবিধাকণ পালে৷ মোক এটা কথা কওক, আপুনি বাইক চলায়?”


“চলাওঁ৷”


“কিমান বছৰৰপৰা?”


“ধৰক পোন্ধৰ বছৰমানৰপৰা৷”


“আপুনিয়েই মোক কওকচোন, আপুনি যোৱা পোন্ধৰবছৰ ধৰি বাইক চলাই আছে বুলিয়েই আপোনাক চাইকেল এখন দিলে সেইখনেৰে আপুনি ঘণ্টাত আশী কিলোমিটাৰ বেগত যাব পাৰিব জানোঁ?”


“নোৱাৰোঁ৷”


“কথাটো একেই৷ বাইকখনে আপোনাক অনায়াসে কম সময়ত ক’ৰবালৈ যাবলৈ সহায় কৰে, কিন্তু আপোনাক দৌৰিবলৈ নিশিকায়৷ ঠিক একেদৰেই চছমাযোৰেও আপোনাৰ চকুকেইটাক ভালদৰে দেখা পোৱাত সহায় কৰে৷ চকুৰ পাৱাৰ ঘূৰাই আনিব নোৱাৰে৷”


“চছমাৰ ব্যৱহাৰে মায়’পিয়া ৰোগটো বাঢ়ি যোৱাটো প্ৰতিহত কৰে নেকি?”


“বেছিভাগ ক্ষেত্ৰতে নকৰে৷ ৰোগটো নিজৰ হিচাপত বাঢ়িয়েই থাকে৷ সেইকাৰণেই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চছমাৰ পাৱাৰ বঢ়াব লগা হয়৷”


“চছমাৰপৰা মুক্তি পোৱাৰ উপায়?”


“আছে৷ লাসিক, লাসেক লেজাৰ আদিৰ দৰে অপাৰেচনবোৰ৷”


“অলপ বহলাই ক’ব নেকি?”


“হেহ, হেহ, হেহ৷ আজি বহুত দীঘলীয়াই হ’ল৷ বুইছে, চছমা পিন্ধিহে ব'ৰ নহওঁ, কিন্তু একেদিনাই ইমান ক’বলৈ হ’লে মোৰ কথা বাদেই দিয়ক, আপুনিও ব’ৰ হৈ যাব৷ পিছত বেলেগ এদিন কথা পাতিম এই সংক্ৰান্তত৷”



****