🐦 বগলী আৰু কেঁকোৰা 🦀
চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি
📖 গল্পটো পঢ়োঁ আহা:
এসময়ত এটা হ্ৰদৰ কাষত এটা বগলীয়ে বাস কৰিছিল। সি লাহে লাহে বুঢ়া হৈ অহাৰ বাবে মাছ ধৰিব নোৱাৰা হ’ল। এদিনাখন সি কেনেকৈনো সহজতে আহাৰ গোটাব পাৰি তাকে চিন্তা কৰিবলৈ ধৰিলে৷ বহু চিন্তা কৰাৰ অন্তত তাৰ মূৰত এটা বুধি খেলালে।
সি হদৰ পাৰলৈ গ’ল আৰু দুখ মনেৰে তাতে থিয় হৈ থাকিল। এটা কেঁকোৰাই কথাটো লক্ষ্য কৰি তাৰ ওচৰ চাপি আহিল আৰু সুধিলে—“তুমি মাছ-তাছ নধৰি কিয় এনেকৈ দুখ কৰি আছা?”
কেঁকোৰাৰ কথা শুনি বগলীটোৱে ক’লে—“ভাই কেঁকোৰা, মই মাছ খাই জীয়াই থাকোঁ এয়া সঁচা কথা। কিন্তু কেইদিনমানৰ পিছতে এজন মাছমৰীয়াই আহি হ্ৰদৰ আটাইবোৰ মাছ ধৰি পেলাব৷ গোটেই নগৰত এই খবৰ বিয়পি পৰিছে। মাছ নাথাকিলে মই নির্ঘাত মৰিম। খবৰটোৱে মোক ইমানেই দুখ দিছে যে মোৰ আজি একো খাবলৈকে মন যোৱা নাই!”
হ্ৰদৰ সকলো মাছে এই খবৰটো শুনিলে আৰু আটায়ে গোট খাই সমুখত আহি পৰা বিপদৰ পৰা ৰক্ষা পোৱাৰ উপায় আছে নেকি আলোচনা কৰিলে৷ মাছবোৰে একমুখে ক’লে—“এই বগলীটো আমাৰ শত্রু। কিন্তু এই সময়ত সম্ভৱতঃ সি আমাক সহায় কৰিব পাৰিব। তাকে সোধোঁগৈ ব’লা ।”
মাছবোৰ সাঁতুৰি-নাদুৰি বগলীটোৰ ওচৰত উপস্থিত হ’লগৈ। সিহঁতে সমস্বৰে সুধিলে—“বগলী ককাই, আমি কেনেকৈ জীয়াই থাকিম? আমাক বচাৰ উপায় এটা দিব পাৰিবানে?” বগলীয়ে মাছবোৰৰ অনুৰোধ মন দি শুনি চিন্তা কৰাৰ ভাও জুৰিলে। তাৰ পিছত ক’লে- “এটা উপায় আছে। ওচৰতে এটা হ্ৰদ আছে। ময়েই তোমালোকক এটা এটাকৈ মোৰ পিঠিত তুলি লৈ যাব পাৰিম।” মাছবোৰে বিপদৰ পৰা উদ্ধাৰ পোৱা যেন পালে আৰু বগলীৰ কথা মানি ল’লে ৷ লগে লগে বগলীয়ে এটা এটাকৈ মাছ পিঠিত তুলি অলপ দূৰৰ এখন ঠাইত বহি খাবলৈ ধৰিলে।
কিছুদিন বগলীৰ মাছ খোৱাৰ ক্ষেত্ৰত কোনো সমস্যা নহ’ল। তেনেতে এদিন কেঁকোৰাটোৱে ক’লে—“বগলী ভাই,আজি মোক লৈ ব’লা সেই হ্ৰদলৈ ৷” বগলী তৎক্ষণাৎ ৰাজী হ’ল। মনে মনে ভাবিলে ইমান দিনে মাছৰ সোৱাদ ললোঁ, এইবাৰ কেঁকোৰাৰ সোৱাদ ল’ব লাগিব। পিছদিনা পুৱা বগলীয়ে কেঁকোৰাক পিঠিত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু যি ঠাইত সি মাছবোৰ খাইছিল, সেই ঠাইত উপস্থিত হ’লগৈ।
কেঁকোৰাই দেখিলে- সেয়াতো হ্ৰদ নহয়। এখন সমতল ঠাইত মাত্র মাছৰ কাঁইটৰ এটা দ’মহে। কেঁকোৰাৰ বুজিবলৈ বাকী নাথাকিল যে মিছা কথা কৈ সিঁহতক বগলীয়ে ফুচুলালে আৰু মাছবোৰ হ্ৰদৰ পানীত থোৱাৰ সলনি তাৰ পেটতহে ভৰালে ৷ সি তৎক্ষণাৎ তাৰ ঠেঙেৰে বগলীৰ ডিঙিত চেপি ধৰিলে। অলপ পিছতে বগলীটো মৰিল। কেঁকোৰাই মনে মনে কলে—“তই আৰু এনে অসৎ কাম কৰিব নোৱাৰ। এনে অসৎ কাম কৰিলে শাস্তি হ’বই হ’ব, ই চিৰন্তন সত্য।”
১. খালী ঠাই পূৰ কৰা (Select correct word)
২. মিলোৱা খেল (Matching Game)
শব্দটোত ক্লিক কৰা, তাৰ পিছত তাৰ অৰ্থ বা বিপৰীত শব্দত ক্লিক কৰা।
শব্দ আৰু অৰ্থ (Meaning)
বিপৰীত শব্দ (Antonyms)
৩. কোনে কৈছিল? (Who said this?)
তলৰ কথাষাৰ কোনে কৈছিল চিনাক্ত কৰা (বুটামত ক্লিক কৰা):
৪. ঘটনা ক্ৰম সজোৱা (Arrange the Story)
গল্পটোৰ ঘটনা ক্ৰম অনুসৰি ১, ২, ৩, ৪ নম্বৰ দিয়া:
৫. ব্যাকৰণ খেল: নাম নে কাম? (Noun or Verb?)
তলৰ শব্দবোৰ ‘নাম’ (Noun) নে ‘কাম’ (Verb/Action) বাছি উলিওৱা:
৬. শুদ্ধ নে অশুদ্ধ? (True/False)
শুদ্ধ নে অশুদ্ধ বাছি ল’বলৈ বুটামত ক্লিক কৰা:
৭. চমু উত্তৰ (Click to Reveal)
৮. বহলাই লিখা উত্তৰ
৯. বাক্য ৰচনা (Examples)
Interactive Learning for Class 4 | Assamese
